মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Chief Minister Samagra Gramya Unnayan Yojana

মন্ত্ৰী

ড° হিমন্ত বিশ্ব শৰ্মা
বিত্ত বিভাগ
ৰুম নং- ই ৩০৪
৩য় মহলা, ই ব্লক
অসম সচিবালয়, দিছপুৰ
দুৰভাষ: +৯১-৩৬১-২২৩৭৩১৫
ফেক্স: +৯১-৩৬১-২২৩৭০১২
ই-মেইল: himantabsarmaoffice@gmail.com

ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে জন্ম হৈছিল। ১৯৯৬ চনত তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ২০০১, ২০০৬ আৰু ২০১১ বৰ্ষত শৰ্মা ডাঙৰীয়াই জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় আৰু তদুপৰি ২০০২ ৰ পৰা ২০১৪ চন লৈকে অসম চৰকাৰৰ কৃষি, পৰিকল্পনা আৰু উন্নয়ন, বিত্ত ,স্বাস্থ্য,শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে সেৱা প্ৰদান কৰে।

২০১৫ চনৰ আগষ্ট মাহত তেখেতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ আহ্বায়ক হিচাপে নিৰ্বাচিত হয়। তেখেতে চতুৰ্থবাৰৰ বাবে ২০১৬ চনত জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। বৰ্তমানে তেখেত বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,শিক্ষা, পৰিকল্পনা আৰু উন্নয়ন, পৰ্যটন, গুৱাহাটী উন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।