মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Chief Minister Samagra Gramya Unnayan Yojana

বৰ্তমানৰ আচঁনিসমূহ

১) মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰণ

পাচঁ বছৰৰ ভিতৰত ৰাজ্যৰ কৃষি উপাৰ্জন বৃদ্ধি কৰিবৰ উদ্দেশ্যৰে অসম চৰকাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা নামৰ এক বৃহৎ পৰিকল্পনাৰ আয়োজন কৰিছে। এই পৰিকল্পনাই ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত উন্নতি তথা পৰিৱৰ্তন অনাৰ লক্ষ্য হাতত তুলি লৈছে। খেতিপথাৰসমূহৰ কাৰ্যকৰীতা বৃদ্ধি তথা শস্য উৎপাদন কাৰ্য দুগুণ কৰাৰ মানস ৰখা এই পৰিকল্পনাই কিছুমান নিৰ্দেশাৱলী বান্ধি দিছে:

সাহাৰ্য্য ব্যৱস্থা

ট্ৰেক্টৰৰ ক্ৰয় মূল্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত দলসমূহক ৭০% লৈকে অনুদান প্ৰদান কৰা হয়। আৰু অনুদানৰ পৰিমাণ সৰ্বাধিক ৫.৫ লাখলৈকে দিয়াৰ ব্যৱস্থা আছে।

যোগ্যতাৰ মাপকাঠি:

একেখন গাঁৱৰে ৮-১০ জন বয়স্ক কৃষকৰ গোট হোৱাটো বাঞ্চনীয়। গোট টোৰ এটা যুটীয়া বেংক একাউণ্ট থাকিব লাগিব আৰু আবেদনকাৰী দলৰ কোনো দুজন সদস্য এটা পৰিয়ালৰ পৰা হ’ব নোৱাৰিব।

ট্ৰেক্টৰ ইউনিট

প্ৰত্যেক ইউনিটত অন্ততঃ এখনকৈ ট্ৰেক্টৰ প্ৰয়োজনীয় সকলোধৰণৰ সা-সৰঞ্জামেৰে সৈতে সজ্জিত থাকিব লাগিব আৰু সা-সৰঞ্জাম সমূহ তলত উল্লেখ কৰা ধৰণৰ হোৱাটো বাঞ্চনীয় :

Standard accessories (1 Set) Matching Implements
a) Trailering Hooka) Rotavator (1)
b) Stabilizer Assembly b) Disc Harrow (1)
c) Hitch Assemblyc) Cultivator (1)
d) Hood d) Trailer (1)
e) Tool kit e) Cage Wheel (1 Pair)

সেৱাৰ ম্যাদ

গ্ৰামাঞ্চলৰ কৃষকসকলক এই গোটসমূহৰ দ্বাৰা ভাড়া হিচাপত ট্ৰেক্টৰ (সম্পূৰ্ণ বা আংশিকভাৱে) কমেও ৬ বছৰৰ বাবে প্ৰদান কৰা হয় আৰু অতি কম ভাড়াত এই ট্ৰেক্টৰ সমূহ উপলব্ধ হয় যাতে কৃষকসকলে কোনো ধৰণৰ চিন্তা নোহোৱাকৈ ল’ব পাৰে। সচৰাচৰ এই ভাড়াসমূহ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।

সুবিধাসমূহ

  • মুঠ মূল্যৰ ৭০% সাহাৰ্য্য হিচাপত প্ৰদান কৰা হয় যাৰ মূল্য হৈছে সৰ্বাধিক ৫.৫ লাখ টকা।
  • মুঠ মূল্যৰ ২০% বেংকৰ পৰা লোন হিচাপে পোৱা যায়।
  • মুঠ মূল্যৰ ১০% অংশীদাৰসকলৰ পৰা লোৱা হয়।
  • কৃষক গোটত ৮ ৰ পৰা ১০ জন সদস্য থকাটো বাঞ্চনীয়।
  • গোট টোৱে ট্ৰেক্টৰৰ গঠন আৰু মডেল চয়ন কৰিব পাৰে।
  • গোট টোৱে ভাড়াৰ বিনিময়ত কৃষকসকলক ট্ৰেক্টৰ প্ৰদান কৰে।
  • গোটসমূহৰ নিৰ্বাচন ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ দ্বাৰা কৰা হয়।

অধিক জানিবৰ বাবে,মূখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰণৰ নিৰ্দেশাৱলী লিংক দৰ্শন কৰক।

২) সামৰিক ডেইৰি ফাৰ্মৰ পৰা পশু ক্ৰয়