মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Chief Minister Samagra Gramya Unnayan Yojana

মেগা মিছন ছচাইটি

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা ২০১৬-১৭ ত ৫ বছৰ ম্যাদৰ সৈতে ২০২১-২২ বছৰলৈকে পৰিকল্পনা কৰি আৰম্ভ কৰা হৈছিল।

মেগা মিশন ছোচাইটিৰ মূল লক্ষ্য হৈছে মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিকোণৰ পৰা কৃষি আয় বৃদ্ধি কৰা। ক) প্ৰত্যক্ষ আৰ্থিক গতিবিধি, খ) বজাৰ সম্বন্ধীয় বিষয়, গ) সাম্প্ৰদায়িক সহায়তা –এই সমূহ প্ৰত্যেক ৰাজস্ব গাওঁত প্ৰচাৰ কৰাৰ যোগেদি লক্ষ্যসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

ওপৰত উল্লিখিত লক্ষ্যসমূহৰ বাবে সম্বন্ধীয় অভিযান /কাৰ্যক্ৰম সমূহ তলত দিয়া ধৰণৰ:

  • মীন অভিযান
  • দুগ্ধ অভিযান
  • জৈৱিক অভিযান
  • ভূ ব্যৱস্থাপনা আৰু সংৰক্ষণ অভিযান
  • ৰেচম, খাদী আৰু কুটীৰ শিল্প অভিযান
  • পথ আৰু ব্ৰডবেণ্ড সংযোগ
  • অৰ্ধ-প্ৰক্ৰিয়াকৰণ, প্ৰক্ৰিয়াকৰণ আৰু বজাৰ লেনদেন
  • যুৱ-যোগ-ক্ৰীড়া অভিযান
  • ই-গ্ৰাম অভিযান

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ কাৰ্যাৱলীসমূহ

  1. পৃথক পৃথক অভিযানৰ উদ্দেশ্যসমূহ লাভ কৰিবৰ বাবে বিভাগৰ অধীনস্থ বিভিন্ন অভিযান/কাৰ্যক্ৰম সমূহত পৰামৰ্শ আৰু নিৰ্দেশাৱলী প্ৰদান কৰা।
  2. গ্ৰাম্য উন্নয়ন যোজনা সফলভাৱে ৰূপায়িত কৰিবৰ বাবে বিভিন্ন বিভাগ, অন্যান্য দল, অন্যান্য দলৰ অংশগ্ৰহণৰ দ্বাৰা এক শক্তিশালী ব্যৱস্থাপনা নীতি গঠন কৰা ।